মাদ্ৰাছাৰ বাবে কঠোৰ সিদ্ধান্ত উত্তৰাখণ্ডৰ ৱাকফ বৰ্ডৰ
১১০ খন মাদ্ৰাছাৰ বাবে উত্তৰাখণ্ডৰ ৱাকফ বৰ্ডে ডাঙৰ পৰিবৰ্তন কৰিবলৈ গৈ আছে । এই সিদ্ধান্ত কেৱল মুছলমানৰ বাবে নহয় , সকলো ধৰ্মৰ শিক্ষাৰ্থীৰ বাবে এই পৰিকল্পনা কৰিছে
উত্তৰাখণ্ডৰ ৱাকফ বৰ্ডে এই পৰিবৰ্তন অহা বছৰ অৰ্থাৎ ২০২৩ চনৰ পৰা কৰিব । এই সিদ্ধান্ত কেৱল শিক্ষাৰ্থীয়ে মূলসুঁতিত প্ৰাধান্য পোৱাৰ বাবে কৰিছে ।
এই সিদ্ধান্ত সফল হ’লে ৰাজ্যৰ বাকী ৪১৯ খন মাদ্ৰাছালৈ এই ব্যৱস্থা সম্প্ৰসাৰণ কৰিব । এতিয়া ভাৰতৰ অন্যান্য ৰাজ্যতো ইয়াৰ যথেষ্ট প্ৰভাব পৰিছে