অৰুনোদয় আচঁনিৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ ঘোষণা -মুখ্যমন্ত্ৰী
অৰুণোদয় আঁচনিৰ বাবে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ ।
অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমান আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত আজি জনতা ভৱনৰ সভাকক্ষৰ পৰা বিধায়কসকল, উপায়ুক্তসকল আৰু অসমৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চলোৱা জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰি সেই তালিকা ইতিমধ্যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহলৈ প্ৰেৰণ কৰা হৈছে। উপায়ুক্তসকলৰ পৰা সেই তালিকা সংগ্ৰহ কৰি ১০ দিনৰ ভিতৰত তালিকাৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰী সংক্ৰান্তত অনুসন্ধান কৰাৰ লগতে পুনৰ অন্তৰ্ভুক্তিৰ বাবে কাৰণসহ সমিতিক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই