আপুনি তিনি লাখ টকাৰ পুৰস্কাৰ পাব। সেৱা সেতুৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

0
Picsart_22-12-16_15-20-58-517

আপোনাৰ বাবে নতুন অফাৰ:-
ফেচবুক-টুইটাৰ লোকসেৱাৰ অধিকাৰ (RTPS) প’ৰ্টেলটো ১ জানুৱাৰী ২০২৩ৰ পৰা “সেৱা সেতু” হিচাপে নতুনকৈ নামাকৰণ কৰা হ’ব। সেয়েহে মাই গভ্ অসমৰ সহযোগত অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে সেৱা সেতুৰ বাবে এক ল’গ’ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

ৰাইজলৈ প্ৰয়োজনীয় সেৱাসমূহ নিৰ্ধাৰিত সময়ত আগবঢ়োৱাৰ লগতে প্ৰশাসন ব্যৱস্থাক অধিক দায়বদ্ধ আৰু প্ৰতিক্ৰিয়াশীল কৰি তোলাই হৈছে ‘সেৱা সেতু’ৰ মূল উদ্দেশ্য। ‘সেৱা সেতু’ নামটোৱেই প্ৰশাসন ব্যৱস্থাৰ সৈতে ৰাইজৰ যোগসূত্ৰ তথা ৰাইজৰ সেৱাৰ স্বাৰ্থত চৰকাৰৰ যৎপৰোনাস্তি প্ৰচেষ্টাৰ ইংগিত বহন কৰে।এক বহুভাষিক প্লেটফৰ্ম হিচাপে ’সেৱা সেতু’ৱে নিশ্চিতভাৱে ৰাইজৰ কাম সমাধা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

বৈশিষ্ট্যসমূহ:- 

• একাধিক ডিজিটেল সেৱা প্ৰাপ্ত কৰাৰ বাবে সেৱা সেতু হৈছে একত্ৰ প্লেটফৰ্ম
• জি2চি (RTPS আৰু non-RTPS), জি2বি, বি2চি, বি2বি আৰু ইউটিলিটী সেৱাসমূহ সেৱা সেতুৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰিব
• নাগৰিকসকলে সকলো তথ্য এটা নিৰ্দিষ্ট ঠাইতে লাভ কৰিব
• সেৱা সেতু নাগৰিকসকলৰ বাবে এক জ্ঞান কেন্দ্ৰ আৰু তথ্য ভঁৰাল হ’ব

নগদ পুৰস্কাৰ :- ৩ লাখ টকা

ল’গ’ প্ৰেৰণৰ অন্তিম তাৰিখ : ২০ ডিচেম্বৰ ২০২২

চৰ্তাৱলী:-

 

• ল’গ’ত সেৱা সেতুৰ উদ্দেশ্য প্ৰতিফলিত হ’ব লাগিব
• ল’গ’ assam.mygov.inৰ কাৰ্য শিতানত মন্তব্য আকাৰে প্ৰেৰণ কৰিব লাগিব
• নিৰ্বাচিত ল’গ’ অসম চৰকাৰৰ সম্পত্তি হিচাপে গণ্য কৰা হ’ব
• প্ৰেৰকে তেওঁৰ নাম, ঠিকনা, ফোন নম্বৰ আৰু ই-মেইল আইডি উল্লেখ কৰিব লাগিব
• ল’গ’ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্ছনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব।
• ভেক্টৰ ছফ্টৱেৰত প্ৰস্তুত কৰা ল’গ’ক অগ্ৰাধিকাৰ দিয়া হ’ব
• ডিজাইন কৰা ছফ্টৱেৰৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক
• ৰঙৰ ব্যৱহাৰত কোনো বাধা নাই
• ল’গ’ৰ চমু বিৱৰণ দাঙি ধৰাটো বাধ্যতামূলক
• ল’গ’ JPG অথবা PNG ফৰ্মেটত প্ৰেৰণ কৰিব লাগিব
• প্ৰেৰকে কোনো ধৰণৰ চৌৰ্যবৃত্তিৰ প্ৰশ্ৰয় ল’ব নোৱাৰিব আৰু ল’গ’ৰ বাবে কপীৰাইট সুৰক্ষিত কোনো সামগ্ৰী যেনে ফটোগ্ৰাফ, আইকন, চিহ্ন, ছবি আদি ব্যৱহাৰ কৰিব নোৱাৰিব। অংশগ্ৰহণকাৰীয়ে প্ৰেৰণ কৰা ল’গ’ত ছাপ বা ৱাটাৰমাৰ্ক থাকিব নালাগিব
• এগৰাকী অংশগ্ৰহণকাৰীয়ে কেৱল এটা ল’গ’হে প্ৰেৰণ কৰিব পাৰিব

এয়াই আছিল আজিৰ নতুন ভাল খবৰ

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *