জেহাদীৰ বিৰুদ্ধে কঠোৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

0
Picsart_22-10-18_08-21-27-893

ৰাজ্যত জেহাদীকলৈ কঠোৰ হৈছে চৰকাৰ । বিগত দিনবোৰতো বহু জেহাদীৰ লগত সম্পৰ্ক থকা নেতাক গ্ৰেপ্তাৰ কৰিছে । অসমৰ পৰিৱেশ যাতে জেহাদীয়ে নষ্ট কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে অসম আৰক্ষী ।আজি পুনৰ দুই জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত সৰৱ হৈছে হিমন্ত বিশ্ব শৰ্মা।

                          হিমন্ত বিশ্ব শৰ্মাই জেহাদীকলৈ কৈছে -আমাৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰে পৰা ৰাজ্যৰ আইন-শৃংখলা তথা নিৰাপত্তাৰ ক্ষেত্ৰত আপোচহীন স্থিতি গ্ৰহণেৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিভিন্ন জেহাদী কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা স্থিতিৰ ফলত তামুলপুৰ আৰক্ষীয়ে আল-কাইদাৰে সম্পৰ্ক ৰখা বাংলাদেশৰ আনছাৰুল্লাহ বাংলা টীমৰ দুগৰাকী সদস্য চাদেক আলী আৰু জাকিবুল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

চাদেক আলী যোৱা দুবছৰে বিভিন্ন জেহাদী কাৰ্যকলাপত জড়িত হোৱাৰ লগতে আমাৰ যুৱপ্ৰজন্মৰ একাংশক এনে কাৰ্যৰ প্ৰতি প্ৰৰোচিত কৰাৰ ক্ষেত্ৰ জেহাদীৰ বিৰুদ্ধে কঠোৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰত ভূমিকা গ্ৰহণ কৰি আহিছিজেহাদীৰ বিৰুদ্ধে কঠোৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰল। তদুপৰি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে জেহাদী কাৰ্যকলাপৰে জড়িত থকাৰ অপৰাধত হাবেল আলী আৰু আবু ৰাইহানক গ্ৰেপ্তাৰ কৰিছে।

আমাৰ যুৱপ্ৰজন্মক আওবাটে নিব পৰা যিকোনো অপশক্তিক সময় থাকোঁতে মষিমূৰ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিজনে সজাগ তথা সচেতন হ’ব লাগিব৷

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *