অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা -চাওঁক সম্পূৰ্ণ তালিকা
আজি ঘোষণা কৰা হৈছে অসম লোকসেৱা আয়োগৰ 2020 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল । অসম লোকসেৱা আয়োগৰ আজি ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল অসম চৰকাৰৰ ৩৩১ টা গুৰুত্বপূৰ্ণ পদবীৰ বাবে ঘোষণা কৰা হয়।

কোন পদত কিমান নিযুক্তি দিয়া হৈছে চাওঁক-অসম অসামৰিক সেৱাৰ বাবে ১২১ জন, অসম আৰক্ষী সেৱাৰ বাবে ৬৯ জন, কৰ অধীক্ষক ৬ জন, জিলা পৰিবহণ বিষয়া ৫ জন, শ্ৰম পৰিদৰ্শক ১৮ জন, কৰ পৰিদৰ্শক ২৭ জন, আবকাৰী পৰিদৰ্শক ৭ জন, খণ্ড উন্নয়ন বিষয়া ৩৩ জন, সহকাৰী নিয়োগ বিষয়া ৪ জন, উপ-পঞ্জীয়ক ৩১ জন, সহকাৰী উদ্যোগ পৰিবন্ধক ১০ জনক নিযুক্তি দিয়া হৈছে।