বাবৰী মছজিদ ধ্বংস কৰা আজি ৩০ বছৰ হ’ল-আমিনুল ইছলাম MLA
আমিনুল ইছলাম MLA
আজি অভিশপ্ত ৬ ডিচেম্বৰ।
আজিৰ পৰা ঠিক ৩০ বছৰ পুৰ্বে ঐতিহাসিক বাবৰী মছজিদ ধংস কৰি এচাম উগ্ৰ হিন্দুত্ববাদীয়ে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ভাৰতৰ মান মৰ্যাদা বিশ্ববাসীৰ সন্মুখত ভূলুণ্ঠিত কৰিছিল। তদানীন্তন কংগ্ৰেছী প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আছিল আৰ-এছ-এছ ৰ কৰ্মী। গতিকে তেওঁ বাবৰী মছজিদ ৰক্ষা কৰাৰ পৰিবৰ্তে হিন্দুত্ববাদী সকলৰ গোপন এজেণ্ডা বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সৰ্বাত্মক সহযোগীতা কৰিছিল।
বাবৰী মছজিদৰ আশে পাশে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে হাজাৰ হাজাৰ সেনা জোৱান মোতায়েন কৰিছিল। কিন্তু এই সামৰিক বাহিনী বাবৰী মছজিদ ৰক্ষা কৰাৰ কাৰণে মোতায়েন কৰা নাছিল; তেওঁলোকক নিৰ্দেশ দিয়া হৈছিল কৰসেৱক সকলক সুৰক্ষা দিয়াৰ কাৰণে যাতে বাবৰী মছজিদ ধংস কৰা কাৰ্যত কৰসেৱক সকলক কোনেও বাধা দিব নোৱাৰে।

বাবৰী মছজিদৰ দৰে এটা ঐতিহাসিক স্থাপত্য ধংস কৰা হ’ল, ভাৰতৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধ বিশ্ববাসীৰ দ্বাৰা নিন্দিত হ’ল, প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱৰ গোপন অভিসন্ধি বাস্তবায়িত হ’ল, হিন্দুত্ববাদী সকলে সাম্প্ৰদায়িক আবেগ সৃষ্টি কৰি ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল; কিন্তু ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত এই দিনটো এটা কলংকিত দিন হিচাপে চিহ্নিত হৈ গ’ল।
যদি তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে বাবৰী মছজিদ ধংস কৰিবলৈ উগ্ৰ হিন্দুত্ববাদী সকলক সুবিধা নিদিলে হেঁতেন তেনেহলে পৰৱৰ্তী কালত বিজেপি দলে কেন্দ্ৰত আৰু যিকোনো ৰাজ্যত চৰকাৰ গঠন কৰাটো দুৰৰ কথা আজিৰ দিনতো বিজেপি দলে ১০ জন সাংসদ জিকাই নিয়াটোও সম্ভৱ নহ’লহেঁতেন।
১৯৮৯ চনতো কৰসেৱাৰ নামত বিজেপি আৰু সহযোগী হিন্দুত্ববাদী সংগঠন বিলাকে ৰথযাত্ৰা উলিয়াই বাবৰী মছজিদ ধংস কৰিবলৈ পৰিকল্পনা কৰিছিল। কিন্তু ৰাষ্ট্ৰীয় মৰ্চাৰ তদানীন্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে এজনো কৰসেৱকক বাবৰী মছজিদৰ ওচৰ চাপিব নিদিলে আৰু সাম্প্ৰদায়িক নেতাসকলক গ্ৰেপ্তাৰ কৰি বাবৰী মছজিদ ৰক্ষা কৰিছিল। ফলস্বৰূপে ভি,পি, সিং চৰকাৰৰ পতন ঘটিল।
তেতিয়া বিৰোধী কংগ্ৰেছ দলে বাহিৰৰ পৰা সমৰ্থন দি হলেও ভি,পি, সিং চৰকাৰ ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছ সংসদীয় দলৰ নেতা ৰাজীৱ গান্ধীৰ কুটিল ষড়যন্ত্ৰৰ বাবে ভি,পি, সিং চৰকাৰৰ শেষ ৰক্ষা নহ’ল। ভি,পি, সিঙে পদত্যাগ কৰাৰ সময়ত এটা কথা কৈছিল যে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাতকৈ বাবৰী মছজিদ ৰক্ষা কৰি ভাৰতৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধ সুৰক্ষিত ৰখাটো মোৰ পবিত্ৰ কৰ্তব্য। কিন্তু এই আদৰ্শ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে দেখুৱাব নোৱাৰিলে আৰু বিজেপিক ভাৰতৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সুযোগ দিলে।