হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ বাবে ১ কোটি টকা ধাৰ্য Himanta Biswa Sarma

0

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত মৰিগাঁও আৰক্ষীয়ে আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, ৰাজ্যত নতুন সম-জিলা গঠন, ১.৫০ লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগ, ভূমি অধিকাৰ আৰু অসম মালা ৪.০কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে

হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে । খানাপাৰাত স্বাধীনতা দিৱসত ভাষণ দি থকা সময়ত মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত কমেণ্টত হত্যাৰ ভাবুকি দিছিল আব্দুল মুতালেবে। ১ কোটি টকা দিলেই মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে ফোন নম্বৰো উল্লেখ কৰিছিল আব্দুল মুতালেবে ।

হিমন্ত বিশ্ব শৰ্মাই

 

কিন্তু আব্দুল মতালেবে কৈছে যে তেও একো মন্তব্য কৰা নাই । কোনোবাই তেওঁৰ ইমেইল হেক কৰি এনেকোৱা মন্তব্য কৰি তেওঁক বিপদত পেলাবলৈ চেষ্টা কৰিছে ।

আজি হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে-

১)হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি কোনো চৰকাৰী কর্মচাৰীয়ে আইনগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ প্ৰথম পত্নীক পৰিত্যাগ কৰি আন এগৰাকী মহিলাৰ সৈতে অনানুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়, তেন্তে প্রথম পত্নীয়ে চৰকাৰৰ ওচৰত আবেদন কৰিলে তেওঁৰ দৰমহাৰ ২০ শতাংশ কৰ্তন কৰি পোনপটীয়াকৈ প্রথম পত্নীৰ বেংক একাউণ্টত জমা দিয়া হ’ব, যাতে তেওঁ মৰ্যাদাৰে জীৱন-যাপন কৰিব পাৰে। এই সুৰক্ষা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্রযোজ্য কৰাৰ বাবে আমি আইন প্রণয়নৰ প্রস্তাৱ আগবঢ়াইছোঁ।

২)হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত ৮খন নতুন সম-জিলা গঠনৰ সিদ্ধান্ত ঘোষণা – কমলপুৰ, বঢ়মপুৰ, ৰঙানদী, ছিছিবৰগাঁও, চাবুৱা-লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা।

৩)চ্যাওল্যুং ট্যু-কা-ফাৰ অসম ভ্ৰমণৰ ৮০০ সংখ্যক বার্ষিকী উদযাপন গমধৰ কোঁৱৰৰ বিদ্ৰোহৰ ২০০ বছৰ উদযাপন
প্রণাম আয়োগৰ সম্প্ৰসাৰণ- বহুবিবাহত জড়িত কৰ্মচাৰী পৰিয়ালকো অনা হ’ব ইয়াৰ আওতালৈ ১২৫ বছৰ গৰকা কটন বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাৰ অনুদান

৪) হিমন্ত বিশ্ব শৰ্মাই কৈছে আহি থকা পাঁচ বছৰত পথ, শিক্ষা, নগৰীকৰণ আৰু গ্রামোন্নয়নৰ দৰে মূল খণ্ডসমূহত ৫০,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব কেন্দ্ৰীয় চৰকাৰৰ পৰা ১ লাখ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ ৫০,০০০ কোটি টকাৰ বিনিয়োগেৰে, পৰৱৰ্তী পাঁচ বছৰত অসমৰ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তনৰ বাবে মুঠ ১.৫০ লাখ কোটি টকা ব্যয় কৰা হ’ব

৫) হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ ৪০টা ৰাজহ চক্রত যিসকল লোকে তিনি প্রজন্ম ধৰি বসবাস কৰি আহিছে, তেওঁলোকক ভূমি ক্ৰয়ৰ অধিকাৰ প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ অধিক সুনিশ্চিত কৰা হ’ব বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ হ’ব অসম চৰকাৰ
অসম মালা ৪.০’ৰ জৰিয়তে ৬,০০০ কিলোমিটাৰ পথৰ উন্নীতকৰণ কৰা হ’ব

৬) হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি শিক্ষিত মুৱক-যুৱতী সকলকো কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। সেয়েহে এই বছৰ মুখ্যমন্ত্ৰীৰ কৃষি উৎকর্ষ বঁটাৰে ১,০০০ গৰাকী প্রগতিশীল আৰু শিক্ষিত কৃষকক সন্মান জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। প্ৰতিগৰাকী বঁটাপ্ৰাপকক ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। লগতে, আগন্তুক পাঁচ বছৰত ১০,০০০গৰাকী কৃষকক এই বঁটাৰে স্বীকৃতি প্রদান কৰা হ’ব।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *

Discover more from Ismail Technology

Subscribe now to keep reading and get access to the full archive.

Continue reading