হিজাব বিতৰ্ককলৈ ডাঙৰ ৰায় উচ্চতম ন্যায়ালয়ৰ

0

হিজাবকলৈ আজি উচ্চতম ন্যায়ালয়ৰ ৰায় । কিন্ত এই ৰায় দুই ধৰণৰ হৈছে । হিজাবকলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলীয়াই বিপৰীত স্থিতি লৈছে ।

Picsart_22-10-13_20-24-47-311-1

হিজাবকলৈ আজি উচ্চতম ন্যায়ালয়ৰ ৰায় । কিন্ত এই ৰায় দুই ধৰণৰ হৈছে । হিজাবকলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলীয়াই বিপৰীত স্থিতি লৈছে ।

হেমন্ত গুপ্তাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখি হিজাব নিষিদ্ধকৰণৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিছে । আনহাতে ন্যায়াধীশ সুধাংশু ধুলীয়াই হিজাব নিসিদ্ধকৰণৰ আবেদন গ্ৰহনৰ ৰায় দিয়ে ।

ন্যায়াধীশ ধুলিয়াই হিজাব পৰিধান ব্যক্তিৰ নিজা পছন্দ বুলি উল্লেখ কৰি শিক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ধুলিয়াই লগতে কৈছে হিজাব ছোৱালীৰ অধিকাৰ ।

আনহাতে ন্যায়াধীশ গুপ্তাই অৱশ্যে বিপৰীত মতৰ পিছত দুয়োগৰাকী ন্যায়াধীশে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত উপস্থাপন কৰি তিনিজনীয়া বিচাৰপীঠৰ দ্বাৰা শুনানিৰ বাবে সহমতত উপনীত হয়।১৫ মাৰ্চত কৰ্ণাটক ন্যায়ালয়ে খাৰিজ কৰিছিল হিজাবৰ সমৰ্থনত কৰা আৱেদন ।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *