মুছলমানৰ হৈ কথা কোৱাৰ বাবে আজি জেলৰ বন্ধ কোঠাত বন্ধী আমিনুল

0
Aminul Islam ibn Mufti Khairul Islam

চৰকাৰৰ বিৰুদ্ধে আৰু সংখ্যালঘু পিছপৰা জাতিৰ হৈ মাত মতাই কাল হ’ল আমিনুল ইছলামৰ । আহচান মাৰিফে কৈছে- বিধায়ক আমিনুল ইছলাম বিগত কেবাদিনৰ পৰা বিভিন্ন ধৰণৰ শাৰিৰীক অসুস্থতাত ভূগি আহিছিল। যোৱাকালি তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰি কিছু চিকিৎসা প্ৰদান কৰা হয় । প্ৰথমে সকলোৰে লগত হাহিমুখে সাক্ষাৎ কৰিছিল যদিও তেখেতৰ চাৱনিৰ কৰুণতাই নিদ্ৰাবিহীন ৰজনীৰ ইঙ্গিত দিছিল ।

Aminul Islam ibn Mufti Khairul Islam

লোহাৰ বন্ধ কুঠৰীত গৰম আৰু মহৰ উৎপাতৰ লগতে চৰ্মৰোগত আক্রান্ত হোৱাত নিদ্ৰাবিহীন ৰাতিৰ আমনিদায়ক দুশ্চিন্তাৰ কাহিনীয়ে হয়তো তেখেতক খুলি খুলি খাইছে। আজি তেখেতক অতি ওচৰৰ পৰা দেখিবলৈ সুবিধা পাও। কিছু কথা-বাৰ্তাও হ’ল। আজি প্ৰায় চাৰিমাহ ধৰি আবদ্ধ হৈ থকা ব্যক্তিজন মানসিকভাবে যথেষ্ট শক্তিশালী যদিও হয়তো অনাগত দিনত তেখেতে সক্ৰিয় ৰাজনীতিৰ পৰা আতৰি থাকিব বুলি তেখেতৰ কথা-বতৰাৰ পৰা উমান পাও। অকৃতজ্ঞ মনোভাবসম্পন্ন আমাৰ বিশেষ জনগোষ্ঠীয় ৰাইজৰ কিছু সিদ্ধান্তই হয়তো তেখেতক আমনি কৰি আছে।

সুদীৰ্ঘ তিনিটা কাৰ্য্যকাল বিধায়ক হৈ থকা অৱস্থাত তেখেতে সদায় বঞ্চিত জাতিৰ কথা বজ্রকণ্ঠে তুলি ধৰিছিল। “নিৰ্যাতিত জাতিৰ হৈ কথা কৈ আজি মই নিজে ভূক্তভোগী। ইচ্ছা কৰিলে মই সম্পূর্ণ বিলাসিতাৰে বাকী জীৱন আৰামত কটাব পাৰিলোহেতেন। কিন্তু জাতিৰ স্বাৰ্থত সকলো বিসৰ্জন দি আজি বন্ধ কুঠৰীত আৱদ্ধ হৈ আছো অথচ এই মানুহবিলাকেই মোক বিগত লোকসভা নির্বাচনত প্ৰত্যাখ্যান কৰিছিল। মোক প্ৰত্যাখ্যান কৰি নিৰ্বাচিত কৰা বিশেষ ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলে ৰাজ্যত চলা অমানৱীয় উচ্ছেদৰ সময়ত সম্পূর্ণ ৰূপে নিশ্চুপ হৈ আছিল অথচ আজি সেই বিশ্বাসঘাতক সকলৰ জন্মদিন উলহ-মালহেৰে পালন কৰি আছে। জাতিৰ স্বাৰ্থত কৰা মোৰ এই বৃহৎ ত্যাগ স্বীকাৰ কৰি পুনৰায় যে মোক আঁকোৱালি ল’ব, তাৰ কোনো নিশ্চয়তা আছেনে?” — কথাখিনি কওঁতে তেখেত যথেষ্টখিনি আৱেগিক হৈ পৰিছিল। আমাৰ এই অকৃতজ্ঞ স্বভাব আৰু অদুৰদৰ্শী কিছু সিদ্ধান্তৰ বাবে হয়তো অনাগত দিনত তেখেতৰ দৰে বলিষ্ঠ কণ্ঠৰ অধিকাৰী, জাতি-দৰদী তথা সৎ সাহসী নেতাক আমি সক্ৰিয় ৰাজনীতিৰ পৰা চিৰতৰে হেৰুৱাই পেলাইছে ।

বিধায়ক আমিনুল ইছলামে 22 এপ্ৰিল 2025ত কৈছিল-

এগৰাকী মূখ্যমন্ত্ৰী হিচাপে আপুনি জানিব লাগে যে লুঙি কেৱল মিঞা মুছলমান সকলৰ পৰিধেয় বস্ত্ৰ নহয়। দ্ৰাৱিড় মূলৰ লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি লুঙি পৰিধান কৰি আহিছে। দ্ৰাৱিড় মূলৰ লোকসকল দক্ষিণ ভাৰতৰ লগতে বঙ্গ, উৰিষ্যা আৰু অসমতো বসবাস কৰে। সেইকাৰণে তামিলনাডু, কেৰেলা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পশ্চিম বংগ, বাংলাদেশ আৰু অসমৰো একাংশ লোকে লুঙি পৰিধান কৰে। তেওঁলোক দ্ৰাবিড়ীয় জনগোষ্ঠীৰ লোক। গতিকে বহু শতিকা ধৰি তেওঁলোকৰ এই সংস্কৃতি চলি আহিছে।

লুঙি পৰিধান কৰাটো কোনো ধৰ্মীয় পৰিচয় বহন নকৰে। উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ মুছলমান লোকসকলেও লুঙি নিপিন্ধে। কাৰণ তেওঁলোক দ্ৰাবিড়ীয় মূলৰ নহয়। দ্ৰাৱিড় মূলৰ হিন্দু, মুছলমান, খৃষ্টান সকলোয়েই লুঙি পিন্ধে। বাংলাদেশ আৰু পশ্চিম বঙ্গৰ বহু বাঙালী হিন্দুয়েও লুঙি পিন্ধে। কাৰণ তেওঁলোক দ্ৰাবিড়ীয় মূলৰ সংস্কৃতি বহন কৰিছে। দক্ষিণ ভাৰতৰ ৰাজনৈতিক নেতাসকলে ৰাজহুৱা সভা – সমিতি আনকি বিধানসভা তো লুঙি পিন্ধি যোৱাটো এক সুলভ দৃশ্য। ইয়াৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক টো অনাৰ্য দ্ৰাবিড়ীয় সংস্কৃতিৰ লগতহে সংপৃক্ত।
গতিকে সস্তীয়া ৰাজনৈতিক স্বাৰ্থত কিবা কথা কোৱাৰ পূৰ্বে বিষয়টো ভালকৈ জানি লোৱা উচিৎ।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *