LIVE UPDATE:ISRAEL-PALESTINE WAR-গাজাত মৃত্যুৰ সংখ্যা 3785 জনলৈ বৃদ্ধি পাইছে -স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে
গাজাত এতিয়া মৃত্যুৰ কিৰিলি । হাহাকাৰ পৰিস্থিতি গাজা ষ্ট্ৰিপত । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৭ অক্টোবৰৰ পৰা গাজাত মৃত্যু হোৱা লোকৰ সংখ্যা 3785জনলৈ বৃদ্ধি পাইছে।
মৃত্যু হোৱা লোকৰ সংখ্যাৰ ভিতৰত 1524টা শিশু, 1000 মহিলা, আৰু 120 জন বৃদ্ধ লোক অন্তৰ্ভুক্ত বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
ইয়াৰ উপৰিও 3,983 জন শিশু আৰু 3300 মহিলাকে ধৰি 12493 জন লোক আহত হৈছে বুলি মন্ত্ৰালয়ৰ মুখপাত্ৰ ডাঃ আশ্ৰাফ আল-কিদ্ৰাই জনায়।
আল-কিদ্ৰাই এখন সংবাদমেলত স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত হোৱা হেঁচাক আৰু অধিক উজ্জ্বল কৰি কয় যে “ইজৰাইলৰ উলংঘাৰ” ফলত 44 জন চিকিৎসা কৰ্মচাৰীৰ মৃত্যু হৈছে, আৰু 70 জন আহত হৈছে আৰু 23 খন এম্বুলেন্স ধ্বংস হৈছে।
বৰ্তমান ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ ফলত ইজৰাইলৰ তুলনাত মৃত্যুৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে গাজাত ।